Logo

Jayashree Bharali

Counsellor, Shishu Sarothi


By Shishu

মানসিক স্বাস্থ্য - আমাৰ সাৰ্বজনীন দায়িত্ব

সাৰ্বভৌমত্ব শব্দৰ আঁৰৰ অৰ্থৰ বিষয়ে হয়তো সমাজৰ প্ৰায়ভাগ নাগৰিকেই জ্ঞাত, ভাষা-গোষ্ঠী নিৰ্বিশেষে ' কোনোৱে শব্দৰ গাঁথনি ভাঙিব যত্ন কৰিছে, আন কোনোৱে হয়তো অৰ্থৰ বাহুল্য প্ৰকাশৰ সুবিধাকণৰ বাবে অহৰহ চেষ্টা কৰি আছে কিন্ত এগৰাকী নাগৰিক হিচাপে এক উত্তৰৰ আভাস পাবলৈ আৰু ইয়াৰ ব্যৱহাৰ সামগ্ৰিকভাৱে আৰু সঠিকভাৱে ৰূপায়ণ হোৱা নেদেখি হয়তো কেতিয়াবা হতাশ হওঁ‌!

বহু বেছি বিশৃংখল নকৰি, এক সৰল অৰ্থত সাৰ্বভৌমত্ব, এক শক্তি, যি সমাজৰ নীতি-নিৰ্দেশনা প্ৰদান কৰাৰ সহিতে শান্তি-শৃংখলা বজাই ৰখাৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ ক্ষমতা আমাৰ দেশৰ সৰ্বোচ্চ কৰ্তৃপক্ষক প্ৰদান কৰিছে ভিন ভিন স্তৰত সুক্ষ্ম সুক্ষ্মভাৱে ইয়াৰ লক্ষ্যক হেলনীয়া ' নিদিবলৈ আমাৰ মাজৰ কিমানজন যত্নপৰ হৈছো বুলি যদি আমি আমাক প্ৰশ্ন কৰোঁ‌, হয়তো আমি খণ্ড অনুযায়ী ইয়াৰ সঠিক উত্তৰ বিচাৰি নাপাম

ঠিক তেনেদৰে এগৰাকী সমাজকৰ্মী হিচাপে যদি ইয়াক বাধাগ্ৰস্থতাৰ বহল ক্ষেত্ৰখনৰ লগত চাবলৈ চেষ্টা কৰো তেনেহ'লে হয়তো প্ৰযুক্তি বিদ্যা, শিক্ষা, যথোপযুক্ত তৎপৰতাত বাধাগ্ৰস্থতাক এক অৱস্থা হিচাপে সহজভাৱে লোৱাৰ দিশত বহু 'হলেও লাহে লাহে আমি আমাৰ লগত আগবাঢ়িব চেষ্টা কৰি আছোঁ কিন্ত ইয়াৰ আঁৰত অৰ্হনিশে ছাঁৰ সমতুল্যভাৱে সৰ্বোচ্চ উজাৰি অসম্ভৱ ভাৱক সম্ভৱপৰ কৰিব যত্নোপৰ হৈ থকা পিতৃ-মাতৃ সকলৰ প্ৰতি আমাৰ দায়িত্ব কেৱল প্ৰশ্নোবোধকপূৰ্ণ আলাপ-আলোচনাৰ নেকি? নিশ্চয়, নহয় বুলি বহু নাগৰিকে আওৰাওঁ‌!

কিন্ত্ত এতিয়াও বাধাগ্ৰস্থতাক এক বেমাৰ অথবা কোনো পাপৰ বোজা বুলি ভবা বহু আত্মীয়-স্বজন অথবা দূৰ সম্পৰ্কীয় ব্যক্তিৰ মাজত ভুল ধাৰণাৰ বিষয়ে নুই কৰিব নোৱাৰি যি সময়ত এখন হাতৰ ওপৰত আন এখন হাতৰ গধুৰতাৰ দৰকাৰ, সেই সময়ত পিতৃ-মাতৃ অথবা অভিভাৱকসকলে নিজ সন্তানৰ লালন-পালন, ঘৰৰ সমগ্ৰ দায়িত্ব সামৰি আজৰি হোৱা সময়তেই বিভিন্ন প্ৰশ্নোবোধকৰ উত্তৰ বিচাৰি হায়ৰাণ হৈছে যাৰ বাবে নিজে নিজৰ প্ৰতি থকা আস্থা- বিশ্বাস সৰ্বোচ্চ হেৰুৱাই নিথৰুৱা হৈ ৰৈছে আৰু তেনে ক্ষেত্ৰত মানসিক স্বাস্থ্যৰ প্ৰতি থকা অধিকাৰো যেন আনৰ ওপৰত সমৰ্পিত কৰিবলৈ বাধ্য হৈছে

আমি যদিও অৱগত, তথাপি এই কথাষাৰ দোহাৰিৱলৈ বাধ্য যে, বাধাগ্ৰস্থতা কোনো পাপৰ ফল নহয় গতিকে ভিন্নভাৱে সক্ষম ব্যক্তিৰ লগতে তেওঁৰ লগত জড়িত ব্যক্তিক প্ৰশ্নবোধকৰ বিপৰীতে বাধাগ্ৰস্থতাৰ ওপৰত সমল তথ্য দিয়া আৰু ইয়াক আপোনাৰ সুস্থ মানসিক ভাৱধাৰাৰ বিষয়ৰ সৈতে যোগ দি আপোনাৰ সহযোগ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ পিতৃ-মাতৃসকলৰ লগত সহজভাৱে আলাপ-আলোচনাৰ জৰিয়তে মানসিক স্বাস্থ্যৰ দিশটোত এক ধনাত্মক পৰিৱৰ্তনৰ যাত্ৰাত আপোনাৰ সুস্থ বিচাৰমূলক সত্বাক সক্ৰিয় কৰি সাৰ্বভৌমত্বৰ অৰ্থৰ দিশত এক অৰিহণা যোগ দি 'মানসিক স্বাস্থ্য এক সাৰ্বজনীন মানৱ অধিকাৰ' হিচাপে প্ৰতিপন্ন কৰাত সহায়ৰ হাত আগবঢ়াব বুলি আমি নাগৰিক হিচাপে আশাবাদী

(On the occasion of World Mental Health Day 2023, she has written this piece about Mental Health as a Universal Human Right for persons with disabilities.)